WATCH | International Women’s Day 2025: ডিব্ৰুগড় আন্তঃজাতিক নাৰী দিৱস উদযাপন

ডিব্ৰুগড়,৮মাৰ্চ : ডিব্ৰুগড় আন্তঃজাতিক নাৰী দিৱস উদযাপন। সদৌ অসম সচেতন মহিলা মঞ্চ অসম আৰু সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসমৰ উদ্যোগত আজি আন্তঃজাতিক নাৰী অধিকাৰ দিৱস ডিব্ৰুগড় বাণীকান্ত পেগু মেমৰিয়েল প্ৰেক্ষাগৃহত উদযাপন কৰে।লগতে ইয়াৰ লগত সংগতি ৰাখি অসমৰ খিলঞ্জীয়া বিভিন্ন থলুৱা জাতি জনগোষ্ঠীয় সমন্বয় ঐক্যবদ্ধ কৰা প্ৰচেষ্টাৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম ডিব্ৰুগড় জিলা সমিতিখন শক্তিশালি ৰূপত গঠন কৰে(International Women’s Day 2025)।
উক্ত সভাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম কেন্দ্রীয় সমিতি বিষয়ববীয়াই অংশ গ্রহণ কৰে। ৰূপনাথ মিলিয সঞ্চালনাত অনুষ্ঠিত নাৰী দিৱসৰ সভাত উপস্থিত থাকে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসম, কেন্দ্রীয় সমিতিৰ কোষাধ্যক্ষ হেমন্ত চাংমাই, সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকন।
লগতে পঢ়ক : WATCH | International Women’s Day 2025: মুছলপুৰত ACRD ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন