Local, Vocal, Global

WATCH | Sonari News: আপোনাৰ চাৰিচকীয়া বাহনখন ভাড়াত দিয়ে নেকি ?

সোণাৰি,৮মাৰ্চ : আপোনাৰ চাৰিচকীয়া বাহনখন ভাড়াত দিয়ে নেকি ? যদি দিয়ে তেন্তে এই খবৰ আপোনাৰ কাৰণে

প্ৰথমে এই ব্যক্তিজনলৈ মন কৰক। দেখাত ভোলা ভালা,যেন পৃথিৱীৰ খবৰ একোৱে নাজানে। জানে কেৱল ঠগ প্ৰৱঞ্চনা কৰিব।
অসমৰ গাড়ী চুড়ি চক্ৰৰ মাষ্ঠাৰ মাইণ্ড এইজন হৈছে । যোৰহাটৰ পংকজ বৰুৱা

উজনি অসমত এতিয়া পংকজ বৰুৱাৰ সন্ত্ৰাস চলিছে। আৰক্ষীও পংকজ বৰুৱাক গ্ৰেপ্তাৰ কৰিব নোৱাৰি । কিয় নোৱাৰে সেইয়া আৰক্ষীয়ে জানিব। এতিয়া শুনক এইজন গাড়ী চুৰ তথা সমগ্ৰ অসমৰ গাড়ী চুৰিৰ মাষ্ঠাৰ মাইণ্ড পংকজ বৰুৱাৰ কথা(Sonari News)।

পংকজ বৰুৱাৰ সো-হাত হৈছে সোণাৰিৰ কল্প গগৈ। দুয়ো মিলি একাংশ লোকৰ গাড়ী ভাড়াত নি বিক্ৰী কৰে অৰুণাচলত

গাড়ী ভাড়া লোৱাৰ পূৰ্বেই এনেদৰে ভিডিও বনাই গাড়ীৰ মালিকক পংকজ বৰুৱাই কি কয় এবাৰ শুনক

এখন দুখন নহয় প্ৰায় ২০ খন মান গাড়ী এনেদৰে ভাড়া নি অৰুণাচলত বিক্ৰী কৰাৰ অভিযোগ উঠিছে পংকজ বৰুৱাৰ ওপৰত। আৰক্ষীক ভুক্তোভগীয়ে বাৰে বাৰে অভিযোদ দিয়াৰ পাছতো আৰক্ষী ভূমিকা নীৰৱ।

আৰক্ষীৰ ভুমিকা নিৰৱ কিয় ? পংকজ বৰুৱাৰ লগত আৰক্ষীৰ গোপন বুজাবুজি আছে নেকি ?
কেতিয়ালৈকে এইজন অসম বিখ্যোত চোৰক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে । ভাড়া লোৱা গাড়ী সমূহ অৰুণাচলৰ আলংৰ নামৰ অঞ্চলত আছে বুলি ভুক্তভোগীয়ে জানিব পাৰিছে। GPS সংস্থাপিত গাড়ী সমূহৰ লোকেশ্যন পোৱা গৈছে যদিয়ো গাড়ী সমূহ উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে অসম আৰক্ষীয়ে।

লগতে পঢ়ক :WATCH | Unique Wedding : দুজোপা গছৰ বিয়া,দৰা এজোপা বট গছ,কইনা এজোপা আহঁত গছ