Local, Vocal, Global

WATCH | Parbatjhora News : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণাম…

পৰ্বতঝোৰা,৮মাৰ্চ : ধুবুৰীৰ আটানী আৰক্ষী চকীৰ টোপপাৰা ঝাউপাৰাত পাৰিবাৰিক কন্দলত ভয়াবহ মাৰপিটৰ ঘটনা সংঘটিত।

ভয়ংকৰ মাৰপিটত টোপ পাৰাৰ জাহান উদ্দিনৰ পত্নীক মূৰ ফালি অচেতন অৱস্থাত পেলাই থোৱাৰ অভিযোগ।

আটানী আৰক্ষী চকীত বিলাত আলী, বাহাৰুল ইছলাম আৰু তাৰাভানুৰ নামত এজাহাৰ দাখিল।

আজি দুপৰীয়াৰ ভাগত ধুবুৰী জিলাৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত বানিয়ামাৰী ষষ্ঠ খণ্ড টোপ পাৰা ঝাউপাৰা গাঁৱত ইৰি ধান খেতিত সাৰ ছটিওৱাক কেন্দ্ৰ কৰি অতি নিৰহ পৰিয়াল জাহান উদ্দিনৰ পত্নীক একে গাঁৱৰে বিলাত আলী, বাহাৰুল ইছলাম আৰু তাৰাভানুৱে পাৰিবাৰিক কন্দলত উগ্ৰ মূৰ্তি ধাৰণ কৰি বিলত আলী, বাহাৰুল ইছলাম আৰু তাৰাভানুৱে জাহান উদ্দিনৰ পত্নীকক এজনৰ চোতালত বেদুম মাৰপিট কৰি মূৰ ফালি অচেতন অৱস্থাত পেলাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে(Parbatjhora News)।

ইপিনে ভয়ংকৰ মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি এক লিখিত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। সেয়ে আটানী আৰক্ষীয়ে পৰিয়ালক মাৰপিট কৰা বিলাত আলী, বাহাৰুল ইছলামৰ বিৰুদ্ধে কেনে পদক্ষেপ হাতত লয় সেয়া সময়ত হে লক্ষণীয় হ’ব।

লগতে পঢ়ক : WATCH | Chapar News: পুনৰ চৰ্চাত চাপৰ ৰাজহ চক্ৰৰ লাট মণ্ডল কাজু খান