WATCH | Chapar News: পুনৰ চৰ্চাত চাপৰ ৰাজহ চক্ৰৰ লাট মণ্ডল কাজু খান
চাপৰ,৮মাৰ্চ : পুনৰ চৰ্চাত চাপৰ ৰাজহ চক্ৰৰ লাট মণ্ডল কাজু খান।
চাৰিলেনযুক্ত পথ নিৰ্মাণত মাটি অধিগ্ৰহণৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ লাট মণ্ডল বিৰুদ্ধে।
ভুক্তভোগী মহিলাৰ পৰা মণ্ডল ৰিপোৰ্ট বনোৱাৰ নামত ৫০ হাজাৰ টকা লয় যদিও আন লোকৰ পৰা বেছি টকা লৈ ৪মাহ পিছত ভুক্তভোগী মহিলাগৰাকীৰ টকা ঘুৰাই দিয়াৰ অভিযোগ অভিযোগ।
অকল লাট মণ্ডলে নহয় চাপৰ চক্ৰৰ কানোনগোক দুই হাজাৰ টকা আৰু আন আন লোকেও টকা লোৱাৰ অভিযোগ(Chapar News)।
এই দুৰ্ভগীয়া মহিলা গৰাকীক এবাৰ চাপৰ ৰাজহ চক্ৰৰ পৰা ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয় লৈ আকৌ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ ফুটবলৰ দৰে দলিয়াই লৈ ফুৰাৰ অভিযোগ।
কিন্তু চাপৰ ৰাজহ চক্ৰ কাৰ্যালয় বা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাই অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ।
উল্লেখ্য যে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাজিপাৰা দ্বিতীয় খণ্ডৰ ১২ নং দাগৰ এটুকুৰা মাটি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ হয়।
কিন্তু উক্ত মাটি খিনি ২০১৬ চনৰ পৰায় বিলাসীপাৰা আদালতত গোচৰাধীন হৈ থকাৰ পিছতো চাৰিলেনযুক্ত পথৰ নামত অধিগ্ৰহণ হোৱা মাটিখিনিৰ বাবে কিও বাৰে বাৰে চাপৰ ৰাজহ চক্ৰ আৰু জিলা উপায়ুক্ত কাৰ্যালয়ত শুনানিৰ বাবে জাননী প্ৰেৰণ কৰে বুলি প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগী মহিলা গৰাকীয়ে।
উপায়ন্তৰ হৈ সাংবাদিকৰ কাষ চাপি ক্ষোভ উজাৰে ভুক্তভোগী মহিলা গৰাকীয়ে। লগতে সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত উক্ত ঘটনাৰ উচিত ন্যায় বিচাৰে ভুক্তভোগী মহিলা গৰাকীয়ে।
লগতে পঢ়ক : WATCH | Diabetes : কি খাদ্য় গ্ৰহণ কৰিলে চুগাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰি জানেনে?