Watch | husband stabbed wife in jamugurihat: স্বামীৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী
জামুগুৰিহাট: জামুগুৰিহাটৰ কুসুমটোলা মিলনপুৰত নিশা সংঘটিত হল ভয়ংকৰ ঘটনা ৷ স্বামীৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী৷ স্বামী ভৱেন তাঁতিৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী চঞ্জনা তাঁতিৰ অৱস্থা শংকটজনক৷ মূমুৰ্ষ অৱস্থাত আহত মহিলাগৰাকীক ১০৮ সেৱাৰ জৰিয়তে স্হানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা অতি শংকটজনক দেখি চিকৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷আক্ৰমণকাৰী স্বামী ভৱেন তাঁতিক জামুগুৰি আৰক্ষীয়ে পত্নী হত্যাৰ প্ৰচেষ্টাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে৷ সুৰাসেৱন কৰাৰ ফলতেই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷