Local, Vocal, Global

Watch | Rangapara school: ৰঙাপৰাৰ দপদপী-ৰংপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱত এবছৰে বন্ধ পাঠদান

জামুগুৰিহাট: ৰাজ্য চৰকাৰৰ চৰম অমনোযোগিতাৰ বাবে বিগত প্ৰায় এটা বছৰ ধৰি পাঠদান সম্পূর্ণ ৰূপেই বন্ধ হৈ আছে ৰঙাপৰাৰাৰ “দপদপী-ৰংপুৰ প্ৰাথমিক বিদ্যালয়” নামৰ এখন চৰকাৰী শিক্ষানুষ্ঠানত। বড়ো মাধ্যমৰ বিদ্যালয়খনত শিক্ষা বিভাগে এজন শিক্ষক নিযুক্তি নিদিয়াৰ বাবে ১৯৭৮ চনত ৰাইজে স্থাপন কৰা দপদপী-ৰংপুৰ প্ৰাথমিক বিদ্যালয়খন আজি বন্ধ অৱস্থাত পৰি আছে।বিদ্যালয়খনত বৰ্তমানৰ সময়ত বিৰাজ কৰি আছে নিমাওমাও পৰিৱেশে।

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বৈ অহা মানশিৰি নৈৰ ভয়ংকৰ গৰাখনীয়াৰ কবলত পৰাৰ পাছতে স্থানীয় ৰাইজে লগে লগে সুৰক্ষিত স্থানত গাঁঠিৰ ধন ভাঙি বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰিছিল। যাতে দপদপী ৰংপুৰ অঞ্চলত পূৰ্বৰ দৰে শৈক্ষিক বাতাবৰণ অক্ষুণ্ণ থাকে। বিদ্যালয়খন আন্তঃগাঁথনিৰে পৰ্যাপ্ত ভাৱে উন্নত আছিল। ছাত্ৰ-ছাত্ৰী আৰু ডেক্স-বেঞ্চৰ আদি সকলো ব্যৱস্থাই আছিল।

কিন্তু অতি পৰিতাপৰ কথা বালিপৰা শিক্ষা খণ্ডৰ অধীনত থকা শিক্ষানুষ্ঠানখনৰ একমাত্ৰ শিক্ষক চবিন খাগলাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত শিক্ষা বিভাগে এজনো শিক্ষক নিযুক্তি নিদিয়াৰ বাবেই আজি প্রায়ে এবছৰে ধৰি বিদ্যালয়খনত পাঠদান বন্ধ হৈ আছে। ইফালে ৰাইজে নিৰ্মাণ কৰা বিদ্যালয়খনত এজন বড়ো শিক্ষক নিযুক্তি দিবলৈ লিখিত ভাৱে বালিপৰা শিক্ষা খণ্ড কাৰ্যালয়ত জনোৱা হৈছিল যদিও সেয়াও ফলপ্রসূ নহ’ল। বিদ্যালয়খনত শীঘ্ৰেই এজন শিক্ষক নিযুক্তি প্ৰদান কৰি অঞ্চলটোত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে।