Local, Vocal, Global

WATCH | Hajo News: অসম মালা আঁচনিৰ এটা নৱনির্মিত পথে জ্বলা কলা খুৱাইছে হাজোৰ বিষ্ণুপুৰ বাসী ৰাইজক

হাজো,৬মাৰ্চ : অসম মালা আঁচনিৰ এটা নৱনির্মিত পথে জ্বলা কলা খুৱাইছে হাজোৰ বিষ্ণুপুৰ বাসী ৰাইজক। কেইবা কোটি টকা ব্যয় সাপেক্ষে হাজোৰ বিষ্ণুপুৰ হৈ বৰুৱাবাৰী সংযোগী নব নিৰ্মিত পথটো নিৰ্মাণত হৈছে ব্যাপক অনিয়ম।পথটো নিৰ্মান হৈ আছে যদিও কাম লাভ কৰা ঠিকাদাৰে নামানে কোনো ধৰণৰ নীতি নিয়ম।। যাৰ বাবে জনবসতি থকা সমগ্র অঞ্চলটো হৈছে ধূলিময় ধূসৰিত পৰিবেশ।। নিয়ম অনুসৰি পুৱা , গধূলি পানী মাৰিব লাগে যদিও তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই ঠিকাদাৰৰৰ। যাৰ বাবে অঞ্চলটোৰ আকাশ বতাহ হৈ পৰিছে ধূলিময়।।ফাগুনৰ পছোৱাইৰ এই ধূলি উৰুৱাই অঞ্চলটোলৈ মাতিব বিপদ(Hajo News)।

কোনে ঠিকাদাৰে লাভ কৰিছে পথ নিৰ্মাণৰ দায়িত্ব। পথ নিৰ্মাণত থকা কোন এই মৃদুল

মৃদুলৰ প্ৰকৃত পৰিচয় কি?বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কোন হয় মৃদুল?

হাজোৰ চফীকুল ইছলামৰ আৰু হাজো দমদমাৰ মৃদুল নামৰ দুজন ঠিকাদাৰে লাভ কৰিছে অসম মালাৰ আঁচনিৰ এই পথৰ ঠিক।। কিন্তু প্ৰকৃততে মৃদুল ঠিকাদাৰ হয় নে ?

বন বিভাগত চাকৰি কৰা মৃদুলে ঠিকাৰ কামত বিনিয়োগ কৰে নেকি ধন।

আমাৰ হাতত পৰা খবৰ অনুসৰি গুৱাহাটীস্থিত অৰণ্য ভৱনত কৰ্মৰত এইগৰাকী মৃদুল হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়াৰ অতি ঘনিষ্ঠ। খবৰ অনুসৰি বিধায়িকা গৰাকীৰ সকলো কাম বিতৰণ হয় এইজন মৃদুলৰ জৰিয়তে।। বিধায়িকা লগত ঘনিষ্ঠ হোৱাৰ সুবাদদতে পত্নীৰ নামত অনুজ্ঞাপত্ৰ লৈ ঠিকাৰ কাম কৰি আছে মৃদুলে। আৰু মৃদুলৰ লগত চফীকুলৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে মৃদুল – চফীকুলৰ বাবে কাকো কাম নিদিয়ে বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ বিষ্ণুপুৰ এই পথটো ক্ষেত্ৰত লোকনিৰ্মান বিভাগে শীঘ্ৰে চকু নিদিলে অঞ্চলবাসী ৰাইজলৈ ধূলিয়ে যে বিপদ নামাই আনিব সেয়া নিশ্চিত।

লগতে পঢ়ক :WATCH | Dhemaji News : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন