WATCH | Sensational incident: ছিপাঝাৰত ট্ৰেক্টৰৰ চেপাত মৃত্যু ছাত্ৰৰ
ছিপাঝাৰ,৬মাৰ্চ : ছিপাঝাৰৰ বৰাচুবাত ভয়ংকৰ দুৰ্ঘটনা ৷
ট্ৰেক্টৰৰ চেপাত মৃত্যু এগৰাকী ছাত্ৰৰ।
মৃত ছাত্ৰজন ৰূপহীকাষৰ ৰিংকু আহমেদ ৷
এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ আছিল ৰিংকু আহমেদ ৷
দূৰ্ঘটনাত মাটি কঢ়িওৱা ট্ৰেক্টৰখন পানীত পৰি যোৱাত মৃত্যু হয় ছাত্ৰ গৰাকীৰ ৷
ট্ৰেক্টৰত উঠি আছিল ছাত্ৰজন(Sensational incident)।
দূৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ নম্বৰ AS13AC-2560।
ঘটনাস্থলীত দৰং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি ৷
দূৰ্ঘটনাত পুখুৰীত পৰি থকা ট্ৰেক্টৰখনৰ তলত আৰু এজন লোক থকাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
জানিব পৰা হোৱা নাই দূৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ গৰাকীৰ পৰিচয়৷
লগতে পঢ়ক :WATCH | Dhubri News : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন