WATCH | Assam Youth Dies in Kerala : নগাঁও জিলাৰ পুৰণিগুদামৰ এটি দৰিদ্ৰ পৰিয়ালত কান্দোনৰ ৰোল

নগাঁও,৬মাৰ্চ : নগাঁও জিলাৰ পুৰণিগুদাম কলংপাৰ হালোৱাগাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত কান্দোনৰ ৰোল। বহিঃ ৰাজ্যত কাম কৰিবলৈ যোৱা নগাঁও পুৰণিগুদামৰ ৰিতুল বৰাৰ সৈতে শোকাৱহ ঘটনা।
পুৰণিগুদামৰ ৰিতুল বৰা নামৰ যুৱকজনে কৰ্মসূত্ৰে বহি:ৰাজ্য কেৰেলাৰ কোম্পানীত শ্ৰমিক হিচাপে নিয়োজিত আছিল। কিন্তু কেইদিনমান পূৰ্বে হঠাৎ ৰিতুল অসুস্থ হৈ পৰাত কোম্পানীটোৰ ফালৰ পৰা কেৰেলাৰ কন্নুৰ জিলাৰ A.K.G Memorial CO.OP Hospital ত ভৰ্তি কৰোৱা হৈছিল। দৰিদ্ৰ পৰিয়ালটোৰ ৰিতুলৰ অসুস্থতাৰ খবৰ পাই মাক আৰু এজন গাঁৱৰ যুৱক চিকিৎসালখনত উপস্থিত হয়গৈ।
কিন্তু যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰি কোম্পানীটোৱে গাঁ এৰা দিয়াত গাঁৱৰ ৰাইজে দান বৰঙণি তুলি আৰু যুৱকজনৰ ঘৰৰ পোহনীয়া গৰু ছাগলী বেছি কিছু টকা চিকিৎসাৰ বাবে যোগাৰ ধৰে। কিন্তু দুখৰ বিষয়টো হ’ল যে ৫ তাৰিখে বিয়লি দৰিদ্ৰ যুৱক ৰিতুলৰ মৃত্যু ঘটে কেৰেলাৰ চিকিৎসালয়খনতে। ব্যক্তিগত চিকিৎসালয়খনত প্ৰায় দুই লক্ষাধিক টকা চিকিৎসাৰ বিল পৰিশোধ কৰিব নোৱাৰাত মৃতদেহটো আনিব পৰা নাই চিকিৎসালয়খনৰ পৰা। আনকি টকাৰ অভাৱত মৃতদেহটো আনিব নোৱাৰি দৰিদ্ৰ যুৱক জনৰ পত্নী তথা পৰিয়ালৰলোক দিশহাৰা হৈ পৰিছে(Assam Youth Dies in Kerala)।
চিকিৎসালয়খনত মৃত যুৱক জনৰ মাতৃ আৰু এজন গাঁৱৰ যুৱক পনবন্দী হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দি কান্দি পত্নীয়ে সহায়ৰ বাবে আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । লগতে যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে দুলাৰি কলিতাৰ ASSAM GRAMIN BIKASH BANK একাউণ্ট 7235029011187 IFSC CODE PUNBORRBAGB এইটো নম্বৰত কিছু আৰ্থিক ভাৱে সহায় কৰিবলৈ পিতৃ,পত্নীৰ অনুৰোধ।