Local, Vocal, Global

WATCH | Sensational incident: তামোল ভৰোৱা বস্তা বিচৰাৰ চলেৰে যুৱতীক ধৰ্ষণৰ অপচেষ্টা

জামুগুৰিহাট,৬মাৰ্চ : তামোল ভৰোৱা বস্তা বিচৰাৰ চলেৰে যুৱতীক ধৰ্ষণৰ অপচেষ্টা ৷ তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনাটো।

ঘটনা অনুসৰি, জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত তামোল ভৰোৱা বস্তা বিচাৰি প্ৰৱেশ কৰিছিল দিলদাৰ হুছেইন নামৰ লম্পটটো । ঘৰত সেই মূহুৰ্তত কোনো নথকা বুলি কোৱা স্বত্বেও জোৰ জৱৰদস্তি যুৱতীক কোলাত তুলি পিছফালৰ ব্ৰইলাৰ ফাৰ্মলৈ বলপূৰ্বকভাবে লৈ গৈছিল দিলদাৰ হুছেইনে ৷

অজলা প্ৰকৃতিৰ যুৱতীগৰাকীক এইদৰে যুৱকগৰাকীয়ে বলপূৰ্বকভাৱে লৈ যোৱাত চিঞৰ বাখৰ কৰাত কাষৰীয়া এগৰাকী যুৱকে দেখা পাই তৎক্ষণাত আহি উপস্থিত হোৱাত পলাবলৈ চেষ্টা কৰে যুৱকগৰাকীয়ে৷পিছত খেদি খেদি স্থানীয় লোকসকলে পথাৰৰ মাজত লম্পট যুবকগৰাকীক কৰায়ত্ব কৰে( Sensational incident)৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লম্পট টোক আটক কৰি থানালৈ লৈ যায়৷ ঘটনাটোৱে সমগ্ৰ জামুগুৰিহাটতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :WATCH | Jamugurihat News : ৰাজ্যজুৰি তৃতীয় দিনাও NHM কৰ্মচাৰীৰ প্ৰতিবাদ