WATCH | Bokajan News: বোকাজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেটসহ আটক এজনক
বোকাজান,৬মাৰ্চ : বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত কুলিগাঁৱত নিশা বোকাজান আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ কৰে ৷ কুলিগাঁৱৰ এটা বাসগৃহত অভিযান চলাই এই টেবলেটসমূহ জব্দ কৰে(Bokajan News)৷
ড্ৰাগছ হিচাবে ব্যৱহাৰ কৰা এই টেবলেট সমূহৰ বজাৰ মূল্য লক্ষাধিক টকা ৷ আৰক্ষীয়ে জব্দ কৰ ১৭,৫০০ টাৰ ওজন প্ৰায় ১৪ কেজি ৷ এই সংক্ৰান্তত আৰক্ষীয়ে চাৰলংকি ৰংফাৰ নামৰ এজন যুৱকক আটক কৰে ৷
আৰক্ষীৰ সূত্ৰ অনুসৰি কোনো চুবুৰীয়া ৰাজ্যৰ পৰা বিক্ৰীৰ বাবে এই নিষিদ্ধ টেবলেট সমূহ আনিছিল আৰু প্ৰতিটো টেবলেট ৭০টকাৰ পৰা ৮০ টকাত বিক্ৰী কৰে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ৷