Local, Vocal, Global

WATCH | Snake bite: বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰুণ! পিছে এই কথা কিমান সত্য ?

নিউজ ডেস্ক,৬মাৰ্চ : বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰুণ। পিছে এই কথা কিমান সত্য ? চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰুণ। কেৱল ভ্ৰুণ নষ্টই নহয় নৱজাতকৰ শৰীৰৰ বিভিন্ন অংশৰ আকৃতিৰ বিসংগতিও দেখা পোৱা যায়। শিৱসাগৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ বৃহৎ সফলতা।

বহু সময়ত বা চিকিৎসা বিজ্ঞানৰ মতে এগৰাকী গৰ্ভৱতী মহিলাক যদি বিষাত্ত সাপে দংশন কৰে তেতিয়া হলে ভ্ৰুণ নষ্ট হয় অথৱা জন্ম লাভৱ কৰা সন্তানচিৰ শৰীৰৰ অংশত কিছু ইয়াৰ প্ৰভাৱ দেখা পোৱা যায়। কিন্তু শিৱসাগৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ একাংশ নিষ্ঠাবান চিকিৎসক , স্বাস্থ্য কৰ্মী সকলে কৰা সু-চিকিৎসাৰ ফলত অতি বিষাক্ত সাপে দংশন কৰা এগৰাকী প্ৰসূতীয়ে সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা ঘটনাই আশাৰ বতৰা কঢ়িয়াই আনিছে। শিৱসাগৰৰ ৰাজমাইৰ ৰূপা ঘাছী নামৰ এই গৰাকী গৰ্ভৱতী মহিলাক অতি বিষাক্ত ক’লা শংখচূড় সাপে দংশন কৰিছিল(Snake bite)।

বিষাপ্ত সাপে দংশন কৰাৰ পাছতো ভাগি পৰা নাই মহিলা গৰাকী। লগে লগে শিৱসাগৰ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হয়। ভৰ্তি হোৱাৰ পাছতেই চিকিৎসালয় খনৰ চিকিৎসক ,স্বাস্থ্য কৰ্মী সকলৰ চেষ্টাত প্ৰসূতি মাতৃয়ে সম্পূৰ্ণ সুস্থ অৱস্থাত জন্ম দিয়ে সন্তান।

বিশ্বৰ ভিতৰতে এয়া বিৰল তথা ভাৰতত প্ৰথম ঘটনা হিচাপে চিহ্নিত হৈছে । ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত সংজ্ঞাহাৰক বিশেষজ্ঞ , সৰ্প বিশেষজ্ঞ ডা: সুৰজিৎ গিৰিসহ একাংশ চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে এই অসম্ভৱকে সম্ভৱ কৰি তোলাত বৰ্তমান চিকিৎসা বিজ্ঞানলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।

কিন্তু কেনেকৈ এই অসম্ভৱ সম্ভৱ হ’ল ? শুনক সৰ্প বিশেষজ্ঞ ডা: সুৰজিৎ গিৰিসৰ মন্তব্য…

লগতে পঢ়ক :WATCH | Akhil Gogoi: ‘বিধানসভাত টোপনি মাৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি ল’ব লাগিব’