Watch | Large quantity of illegal ganja seized in Bishwanath: বিশ্বনাথত বৃহৎ পৰিমাণৰ অৱৈধ গাঞ্জা জব্দ
বিশ্বনাথ: আজি ৰাতিপুৱাই বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা। আটক দুই গাঞ্জা সৰবৰাহকাৰী। বিশ্বনাথৰ চাৰিলেন যুক্ত পথৰ নিৰ্মীয়মান এটা পেট্ৰল পাম্পৰ সমীপত বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ৯২ কেজি ৮০০গ্ৰাম গাঞ্জা। AS 12 G 0346 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীত ৰৌতাৰ পৰা ধেমাজীলৈ নি আছিল দীপক দেউৰী আৰু মুহিম ভূঞা নামৰ দুই গাঞ্জা সৰবৰাহকাৰীয়ে। গাঞ্জা খিনিৰ আনুমানিক মুল্য প্ৰায় ৫০ লাখ টকা। ইতিমধ্যে সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।