Local, Vocal, Global

Watch | NHM nurses doctors departmental employees strike: CHC চিকিৎসালয়ত NHM নাৰ্ছ চিকিৎসক বিভাগীয় কৰ্মচাৰীৰ কৰ্ম বিৰতি আৰু ধৰ্ণা কাৰ্যসূচী

ধেমাজী: ধেমাজী মাছখোৱা বেঙেনাগঢ়া CHC চিকিৎসালয়ত NHM নাৰ্ছ চিকিৎসক বিভাগীয় কৰ্মচাৰী সকলে ২য় দিনীয়া কৰ্ম বিৰতি আৰু ধৰ্ণা কাৰ্যসূচী।সদৌ অসম স্বাস্থ্য ও কাৰিকৰী অসমে সাব্যস্ত কৰে প্ৰতিবাদ।

এন.এইচ.এম কৰ্মচাৰী সকলে নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰে যদিও দৰমহাৰ ক্ষেত্ৰত বৈষম্যৰ বাবে মাহৰ শেষত পোৱা অতি নূন্যতম দৰমহাৰে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখিন হৈ চৰকাৰক বাৰংবাৰ দাবী আহ্বান জনাই আহিছে যদিও কোনো সহাৰি নোপোৱাত প্ৰতিবাদত বহে কৰ্মচাৰী সকলে।


সপ্তম দৰমহা আয়োগৰ মতে দৰমহা দিয়ক,সম কামৰ সম দৰমহা দিয়ক,ক’ভিড যোদ্ধাক বঞ্চিত নকৰিব আদি শ্লগানে উত্তাল কৰি তুলে চিকিৎসালয় চৌহদ।