Local, Vocal, Global

Watch | Hit and run incident in Rangia: ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা

ৰঙিয়া: ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা। এইবাৰ নিশা ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত হিট এণ্ড ৰানৰ ঘটনা। নিহত এজন। গুৰুতৰ ভাৱে আহত এজন। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন বিলাসী বাহনৰ। ৰমজানৰ আনন্দ উল্লাহৰ মাজতে ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

চিদ্দিকুল শইকীয়া নামৰ এজন ব্যক্তি থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত হয় হাচাৰ আলী নামৰ আন এজন ব্যাক্তি। দুয়োজনৰে ঘৰ ৰঙিয়াৰ উদিয়ানাত। ইফতাৰ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা অৱস্থাত XUV বাহনে খুন্দিয়াই পলায়ন কৰে । দুৰ্ঘটনা সংঘটিত কৰাৰ XUV বাহনখনৰ নম্বৰ হল AS 01 FJ 2866 ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লোৱাৰ লগতে গুৰুতৰ ভাৱে আহত ব্যক্তিগৰাকীক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা XUV বাহনখন কামৰূপৰ চাংচাৰী আৰক্ষীয়ে জব্দ কৰে।