Watch | Dibrugarh’s Milan Nagar police have achieved a major success: ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী বৃহৎ সাফল্য
ডিব্ৰুগড়: চুৰি হোৱা সোণৰ আ-অলংকাৰ জব্দ মিলন নগৰ আৰক্ষীৰ। ডিব্ৰুগড় মহানগৰৰ সুন্দৰপুৰত সংঘটিত চুৰিকাণ্ডত জড়িত এজন চোৰক গ্ৰেপ্তাৰ। আমোলাপট্টিৰ আজান আলীক গ্ৰেপ্তাৰ মিলন নগৰ আৰক্ষীৰ। এই চুৰিকাণ্ডত জড়িত আন এজন অভিযুক্ত পলাতক। পলাতক চোৰটোক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান।
জানিব পৰামতে, ২ আৰু ৩ মাৰ্চত সুন্দৰৰ প্ৰণতি খনিকৰ নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটপাত চলায়। মহিলাগৰাকীয়ে জনোৱামতে, প্ৰায় ১০ লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু ২ লাখ টকা নগদ ধন চুৰি হৈছিল। ইতিমধ্যে আৰক্ষীয়ে প্ৰায় ৭০ শতাংশ সোণৰ আ-অলংকাৰ চোৰৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে।