WATCH | Drugs peddler arrested along with drugs: অসম অৰুনাচল সীমান্তৰ ভালুকপুঙত সন্দেহযুক্ত ব্ৰাউনচুগাৰ সহ এজন সৰবৰাহকাৰীক আটক
জামুগুৰিহাট,৫মাৰ্চ : শোণিতপুৰৰ ভালুকপুংত ব্ৰাউনচুগাৰসহ সৰবৰাহকাৰী আটক আৰক্ষীৰ।
অসম অৰুনাচল সীমান্তৰ ভালুকপুঙত সন্দেহযুক্ত ব্ৰাউনচুগাৰ সহ এজন সৰবৰাহকাৰীক আটক। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীটো অপু গিয়াদি নামৰ এজন অৰুনাচলী লোকক।
অৰুনাচল প্ৰদেশৰ চিজুছাৰ বাসিন্দা ‘অপু গিয়াদি’ নামৰ এই ব্যক্তিজনে ভালুকপুংত ভাড়াঘৰত থাকি বহুদিনৰে পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত ভাড়াঘৰত অভিযান চলাই ব্ৰাউন চুগাৰসহ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় ৫০০০০ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ(Drugs peddler arrested along with drugs)।
চাৰিদুৱাৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আপু গিয়াদিক মাৰথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : WATCH | Road Accident : বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা