WATCH | Jhumoir Binandini : ঝুমুৰে ৬ সহস্ৰাধিক শিক্ষাৰ্থীৰ কাঢ়িলে মূল্যৱান শিক্ষাবৰ্ষ
নিউজ ডেস্ক,৫মাৰ্চ : ঝুমুৰে ৬ সহস্ৰাধিক শিক্ষাৰ্থীৰ কাঢ়িলে মূল্যৱান শিক্ষাবৰ্ষ। ”ঝুমুৰ বিনন্দিনীক” লৈ নেতাৰ মাজত চলিছে বাকযুদ্ধ। মুখ্যমন্ত্ৰীৰ মতে ঝুমুৰত মেট্ৰিকৰ শিক্ষাৰ্থী অংশগ্ৰহন কৰা নাছিল। BAপাছ ,MAপাছ ,বেংকত চাকৰি ,চৰকাৰী চাকৰি কৰা যুৱতীয়ে অংশগ্ৰহন কৰিছিল ।
প্ৰায় ৯০০০ শিল্পীৰ অংশগ্ৰহণৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যোৱা ২৪ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যই এক অলিখিত ইতিহাস ৰচিলে। কিন্তু এই মেগা নৃত্যানুষ্ঠানৰ বাবেই ৬০০০ চাহ জনগোষ্ঠীয়-আদিবাসী শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হৈছে । অসমৰ এখন বাতৰি কাকতত এই শিৰোনাম হোৱাৰ পাছতেই তোলপাৰ লাগিছে সমগ্ৰ অসমত । বিধায়ক অখিল গগৈও এই সন্দৰ্ভত সৰৱ দেখা পোৱা গৈছে । অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ সময়তে বিধায়ক অখিল গগৈয়ে শিক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে মেট্ৰিক পৰীক্ষা পাতিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় । বিধায়ক অখিল গগৈয়ে মেট্ৰিকৰ সময়ত এনেকৈ ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয় বুলি কয় । অখিল গগৈয়ে কয়,
ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি ৬০০০ শিক্ষাৰ্থীয়ে শৈক্ষিক বৰ্ষ হেৰুৱাই পেলালে। এইটো এটা ভয়ংকৰ খবৰ। মেট্ৰিকৰ সময়ত এনেকৈ ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয়(Jhumoir Binandini)।
বিধায়ক অখিল গগৈৰ মন্তব্যৰ পাছতেই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া। বিধায়ক অখিল গগৈয়ে ফটুৱা কথা কৈছে। ৰাজনীতি কৰিলে বুলিয়ে এনে ফুটুৱা কথা কব পাৰে এইটো এটা হাস্যকৰ বিষয়। অখিল মূৰত ৰাজনীতিৰ নিচা ধৰিছে। ডাঙৰ নেতা হোৱাৰ সপোনত আবুল তাবুল বকিছে অখিল গগৈয়ে ।
বিধায়ক অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা মন্তব্যই আপোনাকো হতচকিত কৰিব।মুখ্যমন্ত্ৰীৰ মতে ঝুমুৰ বিনন্দিনীত মেট্ৰিক পৰীক্ষাৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰা নাছিলে । ”ঝুমুৰ বিনন্দিনী” ত অংশগ্ৰহন কৰা শিল্পী সকল হৈছে BA,MA বেংকত চাকৰি ,কোনোবাই আকৌ চৰকাৰী চাকৰি কৰি আছে।
এইবাৰ আপোনালোকক কেইটামান দৃশ্য দেখুৱাম। এই দৃশ্যবোৰ দেখি এনেকোৱা লাগিছে নে এই সকল যুৱতী BA,MA বা বেংকত চাকৰি কৰা বুলি। এই উত্তৰ কেৱল ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিব। ঝুমুৰ বিনন্দিনীক লৈ চাহ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। চৰকাৰে ঝুমুৰক লৈ ৰাজনীতি কৰিছে। চৰকাৰে ঝুমুৰক লৈ মিছাৰ ৰাজনীতি কৰিছে। যদি সচাকৈয়ে চাহ জনগোষ্ঠীক ভালপালে হেতেন তেওলোকৰ হাজিৰা বৃদ্ধি কৰিলে হেতেন।
লগতে পঢ়ক :WATCH | Ashok Singhal : মিঞাৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী অশোক সিংহল