Local, Vocal, Global

WATCH | Dibrugarh News : সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি

ডিব্ৰুগড়,৪মাৰ্চ : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ অধীনত প্রায় ২৪ হাজাৰ কৰ্মচাৰী তথা বিষয়া-কর্মচাৰী ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বিভিন্ন ধৰণৰ পদবীত নিয়োজিত হৈ ঠিকাভিত্তিক ভাৱে সেৱা আগবঢ়াই থকাৰ পিছতো চাকৰি স্থায়ী নোহোৱাৰ বাবে অধিংকাশ কৰ্মচাৰীৰে নিয়মীয়া চাকৰিৰ বয়সৰ উর্ধ্বসীমা উকলি যোৱাৰ বাবে এই সকল কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে বুলি উল্লেখ কৰি এন এইচ এম কৰ্মচাৰী সকলে নিয়মীয়া কর্মচাৰীৰ সমানে কাম কৰে যদিও দৰমহাৰ ক্ষেত্ৰত থকা বৈষম্যৰ বাবে মাহৰ শেষত পোৱা অতি নূন্যতম দৰমহাৰে পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্ট কৰিবলগীয়া হয়(Dibrugarh News)।

ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি আৰু আনফালে একে যোগ্যতা থকাৰ পিছতো নিয়মীয়া কৰ্মচাৰীৰ দৰে কোনো ধৰনৰ চৰকাৰী সা-সুবিধা নথকাৰ বাবে এন এইচ এম কর্মচাৰী সকলে গভীৰ মানসিক বিষন্নতাত ভুগিব লগা হোৱাত কৰ্মচাৰী সকলে বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত ৪মার্চৰ পৰা ৬ মাৰ্চৰ লৈকে কৰ্ম বিৰতিয়ে বিক্ষোভ কায্যসূচী প্ৰদৰ্শন কৰে।

লগতে পঢ়ক : WATCH | Teok News: টীয়কৰ চোচাবাটৰ শ্লুইচ গেটৰ নিৰ্মাণ খৰতকীয়া কৰাৰ দাবী