Watch | Mushalpur News : বাক্সাৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰচেষ্টা
মুছলপুৰ,৪মাৰ্চ : চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ সময়তে একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
বাক্সা জিলাৰ টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খ্ৰৌমসাৰ বসুমতাৰীও চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে(Mushalpur News) ।
তেওঁ অলপতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক শ্ৰেণীৰ পাঠ্যক্ৰমৰ লগতে নৃত্যৰ প্ৰশিক্ষণ দি থকা এটি ভিডিঅ’ ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছিল ।
সততে চৰ্চাত থকা বাক্সা জিলাৰ বৰমাৰ এইগৰাকী প্ৰধান শিক্ষকক প্ৰায়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে দেখা যায় ।
এনেদৰেই শিক্ষক খ্ৰৌমসাৰ বসুমতাৰীক পুনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে খেল খেলি আমোদ লোৱা এটি ভিডিঅ’ ভাইৰেল হৈছে ।
জানিব পৰা মতে এই খেল খেলাত সহায় কৰিছে শিক্ষয়িত্ৰী ক্ৰমে মনোমতী স্বৰ্গীয়াৰী আৰু মঞ্জু বড়োই। এনেদৰে চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰত পাঠ্যক্ৰমৰ লগতে খেল, নৃত্য শিকাই পঢ়া শুনাত মনযোগ কৰিব পাৰে বুলি একাংশ লোকে মত পোষণ কৰিছে ।
লগতে পঢ়ক :WATCH | Kaliabor News: কলিয়াবৰ জখলাবন্ধা শেনচোৱা গাৱঁত চোৰে চুৰি কৰিলে লক্ষাধিক মূল্যৰ সা-সম্পত্তি