WATCH | Assam Assembly budget session : আজি অসম বিধানসভা বাজেট অধিৱেশনৰ ষষ্ঠ দিন
নিউজ ডেস্ক,৪মাৰ্চ : আজি অসম বিধানসভা বাজেট অধিৱেশন ২০২৫ ৰ ষষ্ঠ দিন ৷ পুৱা ৯ বাজি ৩০ মিনিটৰ পৰা বিভিন্ন প্ৰশ্ন-উত্তৰ শিতানেৰে আৰম্ভ হৈছে আজিৰ অধিৱেশনৰ কাৰ্যসূচী ৷
আজিৰ অধিৱেশনত কেইবাখনো বিধেয়ক উপস্থাপন কৰাৰ সম্ভাৱনা আছে ৷ বিৰোধী দলপতি দেবব্রত শইকীয়াই ‘দি ইণ্টাৰ ষ্টেট্ মাইগ্রেন্ট বর্কমেন (বেগুলেশান অফ এমপ্লইমেন্ট এন্ড কণ্ডিচন্দ অফ ছার্ভিচ) আছাম এমেণ্ডমেন্ট বিল, ২০২৫’ খন উপস্থাপন কৰিবলৈ অনুমতি বিচৰাৰ লগতে বিধেয়কখন উপস্থাপন কৰাৰ সম্ভাৱনা আছে(Assam Assembly budget session) ।
ইয়াৰ উপৰি বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ), ‘দি আছাম (ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰিহেবিলিটেশ্যন অফ পিপল এফেক্টেড্ বাই ৰিভাৰ এৰোজন) বিল, ২০২৫’ খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব আৰু লগতে বিধেয়কখন উপস্থাপন কৰিব ৷
একেদৰে বিধায়ক আশ্রাফুল হুছেইনে ‘দি আসাম ইউনিভার্চিটিজ এণ্ড ব’ৰ্ডছ (ৰেগুলাৰ কনডাক্ট অফ্ এগজামিনেশ্যনছ এণ্ড টাইফ্লি ডিক্লেৰেশ্যন্ অফ্ ৰিজাল্টছ) বিল, ২০২৫’ খন উপস্থাপন কৰিবলৈ অনুমতি বিচাৰিব আৰু লগতে বিধেয়কখন উপস্থাপন কৰিব ৷
লগতে পঢ়ক : WATCH | Sipajhar News : ব্যাস ওজাপালিৰ বৰেণ্য সাধক ধৰ্মেশ্বৰ নাথৰ পৰলোকপ্ৰাপ্তি