WATCH | Jamugurihat News : জামুগুৰিহাটত ডি এফ অৰ গাড়ী ভঙা ভূবন ডাংগিক গ্ৰেপ্তাৰ
জামুগুৰিহাট,৪মাৰ্চ : জামুগুৰিহাটতৰ চিতলমাৰীত ডি এফ অৰ গাড়ী ভঙা ভূবন ডাংগিক গ্ৰেপ্তাৰ।
জামুগুৰিহাটৰ চিতলমাৰীত বন বিভাগৰ এগৰাকী ডিএফ অৰ বলে’ৰ গাড়ীত আক্ৰমণ কৰি গ্লাছ ভাঙি চূৰমাৰ কৰা ঘটনাৰ লগত জড়িত ভূবন ডাংগি নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জামুগুৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই ব্যক্তিজনক আটক কৰাৰ পাছত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে(Jamugurihat News)।
উল্লেখ্য যে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এখন বিলত অনাধিকাৰ প্ৰবেশ কৰি একাংশ লোকে মাছ ধৰি থকাৰ সময়তে সেই স্থানৰ উপস্থিত হোৱা বনবিভাগৰ তহলদাৰী দলৰ লগত ৰাইজৰ সংঘৰ্ষ সৃষ্টি হৈছিল ।
ইয়াৰ মাজতে উত্তেজিত লোকে এগৰাকী বন বিভাগৰ ডি এফ অৰ AS-32-2097 নম্বৰৰ ব’লেৰ বাহন খনক আক্ৰমণ কৰি গ্লাছ ভাঙি চুৰ্মাৰ কৰিছিল। এই অপৰাধত জড়িত সকলৰ মূল অভিযুক্ত চিতলমাৰীৰ ভূবন ডাংগিক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখাৰ পিছত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক :WATCH | Hatsingimari News: দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ সংবাদমেল