WATCH | World Hearing Day 2025: চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিশ্ব শ্ৰৱণ দিৱস পালন
সোণাৰি,৩মাৰ্চ : ৫৫৭নং ৰাঙলী নিম্ন প্ৰাথমিক বিদ্যালয়ত চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিশ্ব শ্ৰৱণ দিৱস পালন।
চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি জিলাখনৰ ৫৫৭নং ৰাঙলী নিম্ন প্ৰাথমিক বিদ্যালয়ত “বিশ্ব শ্ৰৱণ দিৱস” পালন কৰা হয়। এইবাৰৰ বিশ্ব শ্ৰৱণ দিৱসৰ মূল বিষয়বস্তু হ’ল ‘নৱ-চিন্তাধাৰাক জাগ্ৰত কৰক। প্ৰতিগৰাকী ব্যক্তিয়ে কাণৰ যতন আৰু শ্ৰৱণ শক্তি অটুট ৰখাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ সংকল্প লওঁ আহক’। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱাই উপস্থিত শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দ্যেশি বক্তব্য ৰাখে(World Hearing Day 2025)।
তেওঁ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত দেখা দিয়া শ্ৰৱণৰ সমস্যা আৰু এই সন্দৰ্ভত কেতবোৰ বদ অভ্যাস যেনে কাণ খজুৱাবৰ বাবে কাঠ, বাঁহৰ মাৰি ব্যৱহাৰ কৰা, চিকিৎসকৰ পৰামৰ্শ পলমকৈ লোৱা ইত্যাদি সম্পৰ্কে আলোকপাত কৰে।
শ্ৰেণীকোঠাত শিশুটিয়ে অমনোযোগী যেন দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অথবা জিলাখনৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ দলৰ সৈতে যোগাযোগ কৰি পৰীক্ষা কৰাবলৈ তেওঁ আহ্বান জনায়। আনহাতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চৰাইদেউ জিলা আঁচনি পৰিচালক অভিজিৎ শৰ্মাই নৱজাতক, বৃদ্ধসকল, শিশু আৰু প্ৰাপ্তবয়স্ক সকলৰ ক্ষেত্ৰত শ্ৰৱণশক্তি হেৰুৱাৰ কাৰণসমূহ ব্যাখা কৰে আৰু ৰাইজক এই ক্ষেত্ৰত সজাগ হবলৈ আহ্বান জনায়।
ইয়াৰ পাছতেই উপস্থিত ৰাইজৰ মাজত এই সম্পৰ্কে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয়। আজিৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰকল্প পৰিচালনা গোটৰ জিলা গণমাধ্যম বিশেষজ্ঞ দীপজ্যোতি দত্ত, জিলা কমিউনিটি মবিলাইজাৰ ৰফিক আহমেদ, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চৰাইদেউ জিলা সমন্বয়ক মেঘালী ফুকন, শিক্ষাগুৰুসকল, নাৰ্চ, আশা, অংগনবাদী কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
লগতে পঢ়ক:WATCH | Nalbari News : একাংশ বিধ্বস্ত পথে জলা-কলা খুৱাইছে নলবাৰীবাসীক