Local, Vocal, Global

WATCH | Barpeta News: বৰপেটা হাউলিত হানি খুচি হত্য়া কৰা হৈছিল পিতা-পুত্ৰক

বৰপেটা,৩মাৰ্চ : পোহৰলৈ আহিছে বৰপেটা হাউলিৰ দুৰ্ঘটনা সৱিশেষ । আচলতে বৰপেটা হাউলিৰ দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া এক হত্যাকাণ্ড হে আছিল ।

২৬ ফেব্ৰুৱাৰী নিশা বৰপেটা হাউলিত সংঘটিত হৈছিল অমানৱীয় কাণ্ড(Barpeta News)।

এজন যুৱক হানি খুচি হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিব চেষ্টা কৰিছিল দুৰ্বৃত্তই।অৱশেষত পোহৰলৈ আহিল ঘটনা।

সেয়া পথ দুৰ্ঘটনাত নহয়,সেয়া এক পৰিকল্পিত হত্য়া আছিল । ব’লেৰো বাহনেৰে খুন্দিয়াই হত্যা কৰা হৈছিল হাউলীৰ দুই পিতা পুত্ৰক ।

ভূমি বিবাদৰ পৰিণতিতে সংঘটিত হ’ল দুই পিতা পুত্ৰৰ নৃশংস হত্যাকাণ্ড ।

হত্যাকাণ্ডৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা দুই অভিযুক্তৰ লগতে হত্যাত ব্যৱহৃত গাড়ীখনৰ চালকজনে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে নুৰুল লস্কৰ আৰু নাজিব আলী । ধৃত নুৰুল আৰু নাজিব হৈছে হত্যাৰ বলি হোৱা আব্দুল ৰেজ্জাকৰ নিজ খুড়াকৰ পুত্ৰ।

আনহাতে হত্যাত ব্যৱহৃত ব’লেৰো বাহনখন জব্দ কৰাৰ লগতে গাড়ীচালক মনোৱাৰ আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইতিমধ্যে আৰক্ষীৰ জেৰাত মুখ খুলিছে অমানৱীয় কুখ্যাত নুৰুল আৰু নাজিবে । আৰক্ষীৰ জেৰাত দুই অভিযুক্তই গাড়ীচালক বাক্সাৰ মৈৰাঝাৰ গাঁৱৰ মনোৱাৰ আলীক ২০ হাজাৰ টকাৰ চুপাৰী দিয়াৰ কথা স্বীকাৰ কৰিছে।

লগতে পঢ়ক:WATCH | Rangia News: ৰঙিয়াৰ প্ৰয়াত খগেন কলিতাৰ বাসগৃহত নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন