WATCH | Sipajhar News: ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ
ছিপাঝাৰ,৩মাৰ্চ : সমগ্ৰ শিক্ষা অভিযান দৰং , ছিপাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি ঢেকীপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় “ৰাইজৰ উৎসৱ “।
অনুষ্ঠানৰ পুৱা অন্যান্য কাৰ্য্যসূচীৰ ভিতৰত ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হয়। ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত পাঁচখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অংগনৱাড়ী কৰ্মী সহায়িকা, মাতৃগোট ,অভিভাৱক, শুভাকাংক্ষী ,আই-মাতৃ সকলকলৈ উলিওৱা বিভিন্ন জাতি -জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিয়ে মুখৰিত হৈ পৰে ঢেকীপাৰা অঞ্চল(Sipajhar News)।
বিশেষ ভাবে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা বিহু, বিয়া নাম, মহোহো, ঝুমুৰ, নাঙলী গীত ,জিকিৰ ইত্যাদি কৃষ্টি সংস্কৃতি আছিল দৃষ্টি নন্দন। ছিপাঝাৰৰ জ্যেষ্ঠ সাংবাদিক তথা উদীয়মান নিৱন্ধকাৰ ইন্দাদুল হকে মণ্ডল সমল কেন্দ্ৰৰ ৰাইজৰ উৎসৱৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰি ‘ সমাজ জীৱনত বিভিন্ন ধৰ্ম, জাতি -জনগোষ্ঠীৰ মাজত ঐক্য -শান্তি, সমন্বয়ৰ এনাজৰীৰ বান্ধ সাংস্কৃতিক শোভাযাত্ৰাৰ দৰে অনুষ্ঠানে সুদৃঢ় আৰু শক্তিশালী কৰি তোলে বুলি উল্লেখ কৰি মণ্ডলৰ আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাই ঢেকীপাৰা অঞ্চলটোলৈ ঐক্য -শান্তি সম্প্ৰীতি, ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰিব আশা প্ৰকাশ কৰে।
চি আৰ চি প্ৰণৱ ডেকাই আঁতধৰা অনুষ্ঠানৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ মাজত খেলি ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ইয়াৰ পিছতে ভালে কেইগৰাকী বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত মুকলি সভাও অনুষ্ঠিত হ’ব।
লগতে পঢ়ক : WATCH | Guwahati News: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ ক্ষমতাৰ অপব্যৱহাৰ!