Local, Vocal, Global

Watch | Terrible road accident in Jamugurihat: জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

জামুগুৰিহাট: জামুগুৰিহাটৰ কৰটিপাৰত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।মাছ কঢ়িয়াই অনা এখন বলে’ৰ পিক আপ গাড়ীত এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত বলে’ৰ পিক আপ বাহনত অহা এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাবে আহত হয়। আহত দুজনক উন্নত চিকিৎসালয়ৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰে। দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাছ সিচৰিত হৈ পৰে। দুৰ্ঘটনাত নিহত আৰু আহতৰ নাম জানিব পৰা হোৱা নাই ৷