Local, Vocal, Global

WATCH | Assam Governor in North Guwahati : উত্তৰ গুৱাহাটীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

উত্তৰ গুৱাহাটী,মাৰ্চ : উত্তৰ গুৱাহাটীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য।

উত্তৰ গুৱাহাটী ডেকাবাৰীত প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰ উদ্যোগত নিৰ্মিত পিৰামীড আকৃতিৰ প্ৰাথৰ্না গৃহ উদ্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই ।

অনুষ্ঠানতে প্ৰয়াত ৰাজযোগিনী চিলা বেহেনৰ প্ৰতিচ্ছবিত জনোৱা হয় শ্ৰদ্ধাঞ্জলি(Assam Governor in North Guwahati)।

শুভ উদ্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে ভাৰতক বিশ্ব গুৰু কৰাৰ ক্ষেত্ৰত প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰ শান্তিৰ মাৰ্গেৰে আগবাঢ়িব লাগিব ।

বসুদেৱ কুতুম্ব নীতিৰে ভাৰত আগুৱাই আছে আৰু আগবাঢ়ি যাব ।

আটকধুনীয়াকৈ নিৰ্মাণ কৰা প্ৰাৰ্থনা গৃহটো শান্তিৰ অন্যতম স্থলী হিচাপে পৰিণত হ’ব বুলি মন্তব্য ৰাজ্যপালৰ ।

ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ব্যতিক্ৰম হিচাপে চিহ্নিত হ’ব এই প্ৰাৰ্থনা গৃহটো ।

প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উদ্যোগত নিৰ্মান হোৱা এই বিশেষ প্ৰাৰ্থনা গৃহটো সকলোৰে বাবে মুকলি থাকিব ।

প্ৰায় ১০০ গৰাকী লোকে একেলগে কৰিব পাৰিব যোগ সাধনা ।

সম্পূৰ্ণ বিজ্ঞান সন্মত ভাৱে নিৰ্মিত প্ৰাৰ্থনা গৃহটোৰ অন্তৰ ভাগত কৰা হৈ বিশেষ আলোকসজ্জা ।

যোগ সাধনাৰ সময়ত বাহিৰৰ কোনো শব্দৰ প্ৰবেশ নহয় প্ৰাৰ্থনা গৃহৰ ভিতৰত।

প্ৰাৰ্থনা গৃহটোৰ বাবে প্ৰয়োজন হৈছে প্ৰায় এক কোটি টকা ।

২ বছৰত সম্পূৰ্ণ হৈছে প্ৰাৰ্থনা গৃহটোৰ কাম ।

অনুষ্ঠানত উত্তৰ পূৱৰ প্ৰায় তিনি সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:WATCH | Sonapur News: সোণাপুৰৰ যোগদল প্ৰেক্ষাগৃহত আয়োজন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ