Local, Vocal, Global

WATCH | Road Accident : যাত্ৰীবাহী বাছ আৰু JCBৰ মাজত সংঘর্ষ; সংঘৰ্ষত গুৰুতৰভাৱে আহত ২০গৰাকী যাত্ৰী

ওদালগুৰি,২মাৰ্চ : ওদালগুৰিৰ ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্ৰবেগী বাছ আৰু JCBৰ মাজত ভয়ংকৰ সংঘর্ষ । ৰৌতা আৰক্ষী থানাৰ কাষতে পানী টেংকিৰ সম্মুখত সংঘটিত হয় দুৰ্ঘটনাটো ।

গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী AS01FC1992 নম্বৰৰ তীব্ৰবেগী আলট্ৰা বাছখনে নিয়ন্ত্রণ হেৰুৱাই খুন্দা মাৰে একেটা দিশৰ পৰা অহা AS13R9340 নম্বৰৰ JCB ত | ফলশ্ৰুতিত পথৰ পৰা গাঁতত ছিটিকি পৰে তীব্ৰবেগী বাছখন(Road Accident)।

দুৰ্ঘটনাত প্ৰায় ২০ গৰাকী যাত্ৰী আহত হয় । লগে-লগে স্থানীয় ৰাইজ, ৰৌতা আৰক্ষীৰ সহযোগত যাত্ৰীসকলক উদ্ধাৰ কৰি ৰৌতা মডেল হাস্পতালত প্ৰেৰণ কৰে আহত যাত্ৰীসকলক।

আহত লোকসকলৰ ভিতৰত মইনুল হক (৪০),আলি হুছেইন (২৮),চেলিমা আখতাৰা (১২),আব্দুল জলিল,(৩৯)আৰু চালক আলি আহমেদ (৩০) গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে আহতসকলক প্ৰথমে ভৰ্তি কৰোৱা হৈছিল ৰৌতা মডেল হাস্পতালত । পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত বাছ চালকক GMCH আৰু বাকী যাত্ৰীসকলক লৈ যোৱা হয় তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ । সামান্য পৰিমাণে আঘাতপ্ৰাপ্তক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়ে।