Local, Vocal, Global

WATCH | PMAY scam in Sipajhar: ছিপাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰীৰ অভিযোগ

ছিপাঝাৰ,২মাৰ্চ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ (Pradhan Mantri Awas Yojana) ৷

ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ এখন গাঁও পঞ্চায়ত নাম চেঙেলীয়াঝাৰ গাঁও পঞ্চায়ত PMAYৰ আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী (PMAY scam in Sipajhar) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহাৰ পিছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ তথা সদস্যৰ ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো দৰিদ্ৰ হিতাধিকাৰীকে গৃহ দিয়াৰ কথা কৈ আহিছে, তেনে সময়তে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম!

ছিপাঝাৰত  PMAY গৃহ পাবলৈ দৰিদ্ৰৰ কান্দোন । দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ এখন গাঁও পঞ্চায়ত নাম চেঙেলীয়াঝাৰ গাঁও পঞ্চায়ত।বিগত সময়ত পঞ্চায়তখনত ৰাইজৰ আঁচনিত অনিয়ম হোৱাৰ অভিযোগ বহুদিনীয়া। বিশেষকৈ চৰকাৰী আৱাস গৃহত যেন অনিয়মৰ সীমা নাই।

পূৰ্বতে ইন্দিৰা আৱাস গৃহত অনিয়মৰ বাবে মুখ্যমন্ত্ৰী ভিজিলেন্সৰ তদন্তত পৰা পঞ্চায়তখনত এইবাৰ একাংশ দুখীয়া দৰিদ্ৰ পৰিয়ালে ঘৰ ঘৰ বুলি পঞ্চায়তলৈ বাট চাই থাকোতেই বছৰৰ পিছত বছৰ পাৰ কৰিছে যদিও PMAY গৃহ পাবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

পঞ্চায়তখনৰ দুৰদুৰীয়া গাঁৱৰ  মিৰ হুছেইন নামৰ অতিকৈ দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈ লাভ কৰা নাই চৰকাৰী গৃহ।দিন হাজিৰাই জীৱিকাৰ একমাত্ৰ সম্বল মিৰ হুছেইনক গাঁৱৰ লোক সকলে অতিকৈ দৰিদ্ৰ আৰু PMAY গৃহৰ বাবে যোগ্য হিতাধিকাৰী হিচাপে অন্য সকলোতকৈ আগতেই গৃহ লাভ কৰাতো বিচৰাৰ পিছতো এনে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ প্ৰতি যেন পঞ্চায়তৰ চকুত পৰা নাই ।

অৰুণোদয় আঁচনিও এতিয়ালৈ লাভ কৰা নাই দৰিদ্ৰ পৰিয়ালটোই। কোনদিনা পাব মিৰ হুছেইনে মনত পুহি ৰখা সপোনৰ পি এম গৃহ।পঞ্চায়তখনত  বন্ধ হ’ব নে  আঁচনিত পূৰ্বে  চলা অনিয়ম অনীতি সংস্কৃতি।

লগতে পঢ়ক:WATCH | RTI Activist Hitesh Deka Assaulted: RTI কৰ্মী হীতেশ ডেকাক দুৰ্বৃত্তৰ প্ৰহাৰ