Local, Vocal, Global

WATCH | Road Accident : ৰঙিয়া তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা;দুৰ্ঘটনাত থিতাতে নিহত ব্যৱসায়ী

ৰঙিয়া,২মাৰ্চ : নিশা ৰঙিয়া তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।থিতাতে নিহত তিনিআলিৰ মা়ংস ব্যৱসায়ী।নিহত মাংস ব্যৱসায়ীগৰাকী আফতাফ খান বুলি জানিব পৰা গৈছে ।

নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰ অভিমুখে গৈ থকা অৱস্থাত তিনিআলিত বিপৰীত দিশৰ পৰা অহা স্কুটিয়ে মহতিয়াই নিয়ে ব্যৱসায়ী আফতাফ খানক। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে গুৰুতৰ ভাৱে আহত আফতাফ খানক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰাই যদিও ইতিমধ্যেই চিকিৎসকে মৃত ঘোষণা কৰে আফতাফ খানক(Road Accident)।

এইফালে দুৰ্ঘটনা সংঘটিত কৰা স্কুটি খনৰ লগতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষীয়ে।বৰ্তমান ৰঙিয়া আৰক্ষী থানাত ৰখা হৈছে আফতাফ খানৰ মৃতদেহ।এইফালে আফতাফ খানৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Do you know what foods help to relieve iron deficiency in the body: কি খাদ্যই শৰীৰত আইৰণৰ অভাৱ দূৰ কৰাত সহায়ক জানেনে ?