WATCH | Drugs peddler arrested along with drugs: আলোপতি শান্তিপুৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ব্যৱসায়ী
নগৰবেৰা,২মাৰ্চ : বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি শান্তিপুৰত মাজ নিশা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷
আৰক্ষী বিষয়া দেৱাশিস কশ্যাপৰ নেতৃত্বত নিশা এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গাওঁখনৰ খয়মুদ্দিনৰ ঘৰত অভিযান চলায়(Drugs peddler arrested along with drugs)৷
অভিযানত আৰক্ষীয়ে বাহাৰুলৰ কোঠাৰ পৰা ড্ৰাগছ ভৰ্তি ৪ টা চাবোনৰ বাকচ আৰু ৪৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ ১৩৬.১৮ গ্ৰাম পৰিমাণৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক হাতে লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়৷
দীৰ্ঘদিনৰে পৰা বাহাৰুল ইছলামে নিজ ঘৰতে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ কথা স্থানীয় ৰাইজে ব্যক্ত কৰাৰ লগতে তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি গাঁওখন ড্ৰাগছ মুক্ত কৰিবলৈ দাবী জনায়৷
লগতে পঢ়ক :WATCH | Gelakey News: এটা পুখুৰীক লৈ দুই পক্ষৰ মাজত মতানৈক্য