Local, Vocal, Global

WATCH | Gelakey News: এটা পুখুৰীক লৈ দুই পক্ষৰ মাজত মতানৈক্য

গেলেকী,২মাৰ্চ : এটা পুখুৰীক লৈ এখন গাওঁৰ দুটা পক্ষৰ মাজত সৃষ্টি হৈছে মতানৈক্যৰ

ঘটনাৰ বিৱৰণী অনুসৰি, গেলেকী কল গাঁওৰ এম,ই, স্কুলৰ নামত ২০২২ চনতে ৩ কঠা ১৬ লেচা মাটি দাগ নম্বৰ ২১১ (খ) ত আৱন্টন পাইছিল ।

এই স্কুলৰ নামত আৱন্টন দিয়া চৰকাৰী ভূমিত আছিল এটা পুখুৰী(Gelakey News)।

এই পুখুৰীটো বৰ্তমান বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৰাইজৰ লগত আলোচনা কৰি পুতি পেলোৱাৰ সিদ্ধান্ত লৈ কাম আৰম্ভ কৰিছিল ।

কিন্তু ইয়াতেই বৰ্তমান সৃষ্টি হৈছে একাংশ ৰাইজৰ মাজত মতানৈক্যৰ ।

স্থানীয় একাংশৰ মতে পুখুৰীটো পুতি দিলে কাষতে লাগি থকা পানী যোগান আঁচনিখনৰ বাবে অসুবিধা হব ।

গতিকে একাংশ ৰাইজে এই পুখুৰীটো পুতা কাৰ্য্যক বিৰোধিতা কৰে ।

বৰ্তমান এই পুখুৰী পুতা কাৰ্য বন্ধ হৈ পৰাত বিদ্যালয় পৰিচালনা সমিতিয়ে নিদিষ্ট কেইজনমান ব্যক্তিৰ বিৰুদ্ধে কাম বন্ধ কৰাৰ বাবে অভিযোগ আনি গেলেকী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক :WATCH | Road Accident : দেৰগাঁও সমীপৱৰ্তী ৰঙামাটিত পথ দুৰ্ঘটনা