WATCH | Nagaon News: তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁৱত আৰম্ভ ঐতিহাসিক বাদুলি খোৰোং মেলা
নগাঁও,১মাৰ্চ : তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁৱত আৰম্ভ ঐতিহাসিক বাদুলি খোৰোং মেলা। ইতিহাস বিজড়িত কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে বাদুলি খোৰোং নামৰ এই বিস্ময়কৰ গুহাটো।
জনশ্ৰুতি অনুসৰি প্ৰাক শংকৰী যুগত বৰ্তমান কন্দলীৰ বাদুলি খোৰোং থকা স্থানত আছিল এখন নাৰী ৰাজ্য । এই নাৰী ৰাজ্যত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল । এবাৰ এজন ঋষিয়ে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি নাৰী ৰাজ্যখন কেনেকুৱানো বুলি চাবলৈ নাৰীৰ ভেশ ধৰি নাৰী ৰাজ্যত প্ৰৱেশ কৰিছিল । এই কথা নাৰী ৰাজ্যৰ চোৰাংচোৱাই গম পাই ঋষিক শাস্তি দিবৰ বাবে নাৰী ৰাজ্যৰ গুহাৰ ভিতৰৰ শিলত ওলোমাই থৈছিল(Nagaon News)।
ইয়াতে ঋষি খঙত অগ্নিশৰ্মা হৈ পৰে আৰু নাৰী ৰাজ্যৰ ৰাণী প্ৰমীলা আৰু আন সকলোকে বাদুলি হৈ শিলত ওলমি থাকিবলৈ অভিশাপ দিয়ে । প্ৰমিলাই ঋষিৰ অভিশাপৰ পৰা মুক্তি পাবলৈ ঋষিক বহু অনুনয়-বিনয় কৰিছিল যদিও ঋষিয়ে তেওঁৰ অভিশাপৰ পৰা নাৰীসকলক মুক্ত নকৰিলে । তেতিয়াৰে পৰা এই বাদুলি খোৰোঙত হাজাৰ হাজাৰ বাদুলিয়ে বসবাস কৰি আহিছে বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে ।
ইফালে ইয়াৰ বাদুলিবোৰৰ চিঞৰ বাখৰক বহু লোকে অভিশপ্ত নাৰীৰ কান্দোন বুলি ক’ব খোজে । এই বাদুলি খোৰোঙত স্থানীয় লোকসকলে শিৱৰাত্ৰিৰ এদিন পিছৰ পৰা তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰি আহিছে ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা কেইদিনত বাদুলি খোৰোঙত চাকি বন্তি জ্বলালে পূণ্য লাভ হয় বুলি জনবিশ্বাস প্ৰচলিত ৷ সেয়ে মেলাৰ দিনকেইটাত বাদুলি খোৰোং চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই স্থানত।