Local, Vocal, Global

WATCH | Road Accident : বিলাসীপাৰা পথ দুৰ্ঘটনা‌ কাণ্ডৰ নতুন মোৰ

বিলাসীপাৰা,১মাৰ্চ : বিলাসীপাৰা পথ দুৰ্ঘটনা‌ কাণ্ডৰ নতুন মোৰ ।

দুৰ্ঘটনাগ্ৰস্ত ঠাইৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দা। বিলাসীপাৰা বাঙালীপাৰা এজন ব্যক্তিক চাৰিচকীয়া বাহনেৰে পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ ৰাইজৰ।

নিজ চাৰিচকীয়া বাহনেৰ হত্যা কৰি বিলাসীপাৰা থানাত আত্মসমৰ্পন কৰে জহিৰুল ইছলামে(Road Accident)।

তাৰ পিছতেই ৰাইজে ক্ষুদ্ধ হৈ জ্বলাই দিছিল দুৰ্ঘটনাগ্ৰস্ত বাহন গৰাকী জহিৰুল ইছলামৰ বাসগৃহ।

আজি ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু দণ্ডাধীশ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাগ্ৰস্ত ঠাইখনৰ পৰা এখন দা উদ্ধাৰ কৰে তদন্তকাৰী দলে।

স্থানীয় ৰাইজেৰ মতে এইটো পথ দুৰ্ঘটনা নহয় । এইটো পৰিকল্পিতভাবে হত্যা । দীৰ্ঘদিনৰ পৰাই জহিৰুল ইছলামে গাঁৱখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।জহিৰুলৰ বিৰুদ্ধে বিলাসীপাৰা থানাত একাধিক গোচৰ থকাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এই বেলি যাতে কোনো পদেই সাৰি নাযায় তাৰ বাবে আৰক্ষীক অনুৰোধ জনাওঁ স্থানীয় ৰাইজে।

লগতে পঢ়ক :WATCH | Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ