Local, Vocal, Global

WATCH | Jorhat News: শয্যাগত পিতৃৰ অন্তিমটো ফোনতো হৃদয় নগলিল পুত্ৰৰ

যোৰহাট,১মাৰ্চ : চিকিৎসক পুত্ৰ কন্যাৰ নিকৃষ্ট কাণ্ড । শয্যাগত পিতৃৰ অন্তিমটো ফোনতো হৃদয় নগলিল পুত্ৰৰ। ফোন পিতৃক কলে চিনি নাপাওঁ বুলি। ‘তোক এবাৰ চাবলৈ বৰ মন গৈছে, এবাৰ আহিবিছোন। মই বেড ৰেষ্টত আছো’। শয্যাগত পিতৃক চাবলৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ নাহিল চিকিৎসক পুত্ৰ। শয্যাশায়ী পিতৃলৈ দৰদ নথকা চিকিৎসক পুত্ৰলৈ এয়া এগৰাকী পিতৃৰ অপত্য স্নেহ। অৱশেষত পুত্ৰৰ মুখ নেদেখাকৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে(Jorhat News)।

যোৰহাটৰ কোছ গাঁওৰ এটি পৰিয়ালে নিৰাশ্ৰয় বিহীন পিতৃ গৰাকী তিনিবছৰে পালন কৰিছিল। নাহিল পুত্ৰ-কন্যা।

লগতে পঢ়ক :WATCH | Sensational incident: বোৱাৰীক ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি