Local, Vocal, Global

WATCH | Sensational incident: মানৱ সমাজক লজ্জানত কৰা ঘটনা;বোৱাৰীক ধৰ্ষণ কৰাৰ অভিযোগ শহুৰেকৰ বিৰুদ্ধে

নগৰবেৰা,১মাৰ্চ : নগৰবেৰাৰ জামলাইত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা।

এইবাৰ বোৱাৰীক ধৰ্ষণ কৰাৰ অভিযোগ শহুৰেকৰ বিৰুদ্ধে ।

জামলাইৰ হেকৰাটাৰী গাঁওৰ আজাহাৰ আলী নামৰ এটা লম্পটে নিজৰে পুত্ৰ বোৱাৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীয়ে।

বিগত এমাহ ধৰি শহুৰ আজাহাৰ আলীয়ে বোৱাৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীয়ে(Sensational incident)৷

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় লোকে ৷

ইপিনে ধৰ্ষণকাৰী আজাহাৰ আলীৰ ফাঁচিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

ঘটনা সন্দৰ্ভত স্বামী ববীদুল ইছলামক অৱগত কৰোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে ধৰ্ষিতা বোৱাৰী গৰাকীয়ে।

ইতিমধ্যে ৰাইজে ধৰ্ষণকাৰী আজাহাৰ আলীৰ ঘৰত তলা লগাই সমাজচ্যুত কৰিছে।

কেৱল এয়াই নহয়,আজাহাৰ আলীৰ ঘৰত ড্ৰাগছৰ ব্যৱসায়ৰ লগতে নাৰীদেহৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷

ঘটনাস্থলীত নগৰবেৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয়।

লগতে পঢ়ক :WATCH | Siloni Thief in Guiwahati : কাৰ নেতৃত্বত গুৱাহাটীত চলে চিলনী চোৰৰ গেং