Watch | Women missing in dhemaji: চিলাপথাৰৰ কঁফুলনি গাঁওত এগৰাকী বোৱাৰী নিৰুদ্দেশ
গুৱাহাটী: যোৱা 25 ফেব্ৰুৱাৰী ত ধেমাজি জিলা আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কঁফুলনি গাঁও ৰ গিৰিশ গগৈ পত্নীৰ জোনমনি গগৈ নামৰ এগৰাকী দুটা সন্তান মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা অনুসৰি ধেমাজি নগৰ লৈ ঘৰৰ পৰা ওলাই অহা মহিলা গৰাকী ঘৰত ঘূৰি নহাত পৰিয়ালৰ লোক শংকিত হৈ পৰিছে। মহিলা গৰাকী স্বামী কৰ্মসুত্ৰে থাকে কেৰেলাত। ঘৰৰ লোকে খা-খবৰ কৰিও কোনো খবৰ নোপোৱাত
শংকিত হৈ পৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱা হয় যদিও আজি পৰ্যন্ত কোনো খবৰ নোপোৱাত কোনো সদাশয় ব্যক্তিৰে খবৰ পালে 9678555054 নম্বৰত পৰিয়ালক যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।