Local, Vocal, Global

WATCH | Tragic Incident in Doom Dooma: ডুমডুমাৰ বাঘজানত উত্তপ্ত পৰিস্থিতি

ডুমডুমা,২৭ফেব্ৰুৱাৰী : ডুমডুমাৰ বাঘজানত উত্তপ্ত পৰিস্থিতি।

পথ দুৰ্ঘটনাত দুটা শিশুৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতি।

মহাশিৱৰাত্ৰী পূজা অনুষ্ঠিত হৈ থকা বাঘজান শিৱ মন্দিৰত পূজা চাবলৈ যোৱা শিশু দুটি দুৰ্ঘটনাত পতিত। অইল ইণ্ডিয়াত কৰ্মৰত মালবাহী বাহনে মহটিয়াই যোৱাৰ ফলত দুটি শিশু ক্ৰমে বিক্ৰম গঁড় আৰু চাহিল প্ৰজা গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।ইয়াৰে বিক্ৰম গঁড় নামৰ ১৩ বছৰীয়া শিশুটিৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চাহিল প্ৰজা নামৰ ১৪ বছৰীয়া শিশুটি চিকিৎসাধীন অৱস্থাত আছে।

এই ঘটনা সংঘটিত কৰাৰ লগে লগে বাঘজান আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহন জব্দ কৰে। কিন্তু অইল ইণ্ডিয়াত কৰ্মৰত বাহনৰ অতপালিত অতিষ্ঠ স্থানীয় লোকে অইল ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ বাঘজান থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Tragic Incident in Doom Doom)।

বাঘজান থানাৰ সন্মূখত থকা অইল ইণ্ডিয়া লিমিটেডৰ প্ৰাইভেট ৰিকটো স্থানীয় ৰাইজে বন্ধ কৰি দিয়া হয়। শিশু দুটিৰ উচিত ক্ষতিপূৰণৰ লগতে কেইবাটাও দাবীত স্থানীয় লোকে ডুমডুমা-দিঘলতৰং পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক :WATCH | Goreswar News: গোৰেশ্বৰৰ মাৰে গাওঁ সোণমহৰিৰ পথ নিৰ্মাণ শুভাৰম্ভণি অনুষ্ঠানত প্ৰমোদ বড়ো