Local, Vocal, Global

WATCH | Goreswar News: গোৰেশ্বৰৰ মাৰে গাওঁ সোণমহৰিৰ পথ নিৰ্মাণ শুভাৰম্ভণি অনুষ্ঠানত প্ৰমোদ বড়ো

গোৰেশ্বৰ,২৭ফেব্ৰুৱাৰী : গোৰেশ্বৰৰ মাৰে গাওঁ সোণমহৰিৰ পথ নিৰ্মাণ শুভাৰম্ভণি অনুষ্ঠানত প্ৰমোদ বড়ো।

গোৰেশ্বৰৰ মাৰেগাঁৱত হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ প্ৰত্যাহ্বান(Goreswar News)।

আমি ৪বছৰত ১৭শ বিদ্যালয় মেৰামতি কৰিলো ।

বিপিএফৰ চৰকাৰে ১৭ বছৰে কেইখন স্কুল মেৰামতি কৰিলে দেখুৱাই দিয়ক।

তেওঁলোকৰ কোনো মিছন আৰু ভিজন নাছিল।

ৰাইজৰ কাৰণে বিপিএফ চৰকাৰৰ কোনো আঁচনি নাছিল।

ইউপিপিএল চৰকাৰে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে ৩৫খন আঁচনি গ্ৰহণ কৰিছে।

বিটিআৰত শান্তিৰ পৰিবেশ দেখি বিপিএফ শংকিত হৈছে।

বিৰোধীয়ে বিৰোধিতাৰ নামত বিৰোধিতা কৰি ৰাজনীতি বেলেগ ফালে নিব বিচাৰিছে।

তেওঁলোকে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি কি পাব?

গোৰেশ্বৰৰ সোণমহৰি মাৰেগাঁও মিলন নগৰ চকৰ পৰা মিলন নগৰ ফুটবল ফিল্ড সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভণি কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এইদৰে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে।

উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিসদ পৱিত্ৰ কুমাৰ বড়ো, গোৰেশ্বৰ ব্লক ইউপিপিএলৰ সভাপতি দেৱজিৎ ব্ৰহ্মকে ধৰি বহুসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।

লগতে পঢ়ক :WATCH | BJP Leader : হজৰত মহম্মদক অপমান কৰাৰ ফল পালে বিজেপি নেতাই