Local, Vocal, Global

WATCH | HSLC Exam 2025 : মেট্ৰিক পৰীক্ষাত ঘটিল অঘটন!

কামপুৰ,২৭ফেব্ৰুৱাৰী : মেট্ৰিক পৰীক্ষাত ঘটিল অঘটন! পৰীক্ষা কেন্দ্ৰত ৪৫ মিনিট পলমকৈ পালেহি প্ৰশ্নকাকত । ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰীক্ষাৰ্থীৰ মাজত। নগাঁৱৰ শিঙিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটো।বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই বিসংগতি হোৱাৰ অভিযোগ(HSLC Exam 2025)।

উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰটো মুঠ ২৫৫ জন পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈছে যদিও প্ৰায় ৪০ মিনিট পলমকৈ ১৯০ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিবলগীয়া হয়। ইপিনে কচুৱা আৰক্ষীৰ থানাৰ পৰা পৰীক্ষাৰ ইনচাৰ্জ গৰাকীয়ে কেৱল ১৯০ খন সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত পলমকৈ অনাৰ ফলত এই বিসংগতি হোৱাৰ অভিযোগ অভিভাৱক তথা পৰীক্ষাৰ্থীৰ।

লগতে পঢ়ক :WATCH | Mushalpur News: মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল হস্ততাঁত প্ৰশিক্ষণ কৰ্মশালা