WATCH | Jamugurihat News: জীয়া ভৰলীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা
জামুগুৰিহাট,২৭ফেব্ৰুৱাৰী : জীয়া ভৰলীৰ গড়া খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা।
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ লগত হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা৷ বাৰিষাৰ পূৰ্বে জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া চামধৰাৰ বৃহত্তৰ বজাৰগাঁও অঞ্চলৰ লগতে কেবাখনো গাঁৱৰ ৰাইজক গড়াখহনীয়াৰ লগতে বানপানীৰপৰা সুৰক্ষা দিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে এইদৰেই নদীখনক ভেটা দিয়াৰ বাবে পাৰ্কুপাইন দিয়া কামত লাগিল বিধায়ক হাজৰিকা(Jamugurihat News)
চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ লক্ষ্যক সৰোগত কৰি আগবঢ়া এই আগতীয়া কৰ্মৰ জৰিয়তে খৰস্ৰোতা জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া অঞ্চলসমুহৰ লোকসকল বাৰিষাৰ বতৰত সুৰক্ষিত হ’ব বুলি আশাবাদী নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা৷
লগতে পঢ়ক: WATCH | Water pipe explosion in Guwahati: গুৱাহাটী মহানগৰীত পুনৰ জলবিস্ফোৰণ