Local, Vocal, Global

WATCH | Jagiroad News: মৰিগাঁৱত তিনিদিনীয়া ‘কইনা কন্দা শিল নাট মহোৎসৱ’

জাগীৰোড,২৭ফেব্ৰুৱাৰী : মৰিগাঁৱত তিনিদিনীয়া ‘কইনা কন্দা শিল নাট মহোৎসৱ’।

প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ বঘৰাৰ সমীপত গলচেপা পাহাৰৰ ওপৰত প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত অহা ৭ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই নাট মহোৎসৱৰ । বিয়লি ২:০০ বজাৰ পৰা মুকলি মঞ্চত হ’বলগীয়া এই মহোৎসৱত প্ৰতি দিনে দুখনকৈ নাট মঞ্চস্থ হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে(Jagiroad News)।

অহা ৭ মাৰ্চত এই নাট সমাৰোহ উদ্বোধন কৰিব মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ৭ মাৰ্চত দিনৰ ২:০০ বজাত প্ৰথমখন নাটক ‘চন পৰা বৃন্দাবন’ মঞ্চস্থ কৰিব জেংৰাই অসম, মঙ্গলদৈৰ নাট্য দলে। আনহাতে দ্বিতীয়খন নাটক ‘আই নহ’লে পিতাইক ক’ম, পিতাই নহ’লে কাক কম’- মঞ্চস্থ কৰিব মৰিগাঁৱৰ অংকুৰণ কলা কেন্দ্ৰ নাট্য দলে। দ্বিতীয় দিনাৰ প্ৰথম নাটক ‘চন্দ্ৰনখা’ মঞ্চস্থ কৰিব জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগে।

একেদৰে দ্বিতীয় খন নাটক ‘ইলুচন’ মঞ্চস্থ কৰিব পশ্চিমবংগৰ নাট্য দল- ক্লাউ থিয়েটাৰে। তদ্ৰুপ ৯ মাৰ্চৰ বিয়লি ২:০০ বজাত প্ৰথমখন নাটক ‘বলুকাত বিয়লি বেলা’ মঞ্চস্থ কৰিব নগাঁৱৰ জ্যোতি শিল্প নাট্য দলে। দ্বিতীয় খন নাটক ‘গান্ধী বনাম গডছে’ মঞ্চস্থ কৰিব গুৱাহাটীৰ অভিজ্ঞানম্ নাট্য দলে।

এই নাট সমাৰোহৰ সফলতাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে যথাসময়ত নাট্যপ্ৰেমী সকলৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।

লগতে পঢ়ক :APCC president may be replaced soon: শীঘ্ৰেই সলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি!