Local, Vocal, Global

WATCH | Nagarbera News: আধাৰশিলা স্থাপন হ’ল; কিন্তু আজিলোঁ নিৰ্মান নহ’ল পথ

নগৰবেৰা,২৭ফেব্ৰুৱাৰী : নগৰবেৰাস্থিত ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।

প্ৰায় এবছৰ পূৰ্বে স্থানীয় বিধায়ক নন্দিতা দাসে এম জি এনৰেগাৰ অধীনত পাহাৰতলৰ পৰা ভখুৰাদিয়া সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

যদিও খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে পথটোৰ কাম আজি পৰ্যন্ত আৰম্ভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে(Nagarbera News)৷

স্থানীয় একাংশ লোকে বাৰিষাৰ পূৰ্বেই পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ বি ডি অ পল্লৱী দাসক অনুৰোধ জনোৱাৰ পাছতো গুৰুত্বাৰোপ নকৰাত ক্ষুব্ধ ৰাইজে পথছোৱাতে বিভাগীয় কতৃপক্ষৰ লগতে বি ডি অ’ গো বেক ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

শীঘ্ৰে পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ লগতে বি ডি অ’ পল্লৱী দাসৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক দাবী জনাইছে ভুক্তভোগী লোকে।

লগতে পঢ়ক :WATCH | Actor Mridul Bhuyan mother passes away: মহাশিৱৰাত্ৰিৰ দিনাই মাতৃহাৰা হ’ল ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা