Local, Vocal, Global

WATCH | Advantage Assam 2.0 : অন্ত পৰিল দুদিনীয়া এডভাণ্টেজ আছাম 2.O

নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : অন্ত পৰিল দুদিনীয়া এডভাণ্টেজ আছাম 2.O। সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।Advantage Assam 2.0ত দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হৰদ্বীপ সিং পুৰীয়ে। স্পেইনৰ পৰা লগতে Advantage Assam 2.0ত ভাৰ্চুৱেলী অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে( Advantage Assam 2.0)।

Advantage Assam 2.0ত দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সামৰণি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভাণ্টেজ আছামত এইপৰ্যন্ত ৪.২৫ লাখ কোটি টকাৰ বিনিয়োগৰ MoU স্বাক্ষৰিত আৰু ঘোষণা হোৱা বুলি উল্লেখ কৰে। তেওঁ কয়, ‘অতীতৰ পৰা অসমৰ অপাৰ সম্ভাৱনা আছিল। অসমে বহু সহ্য কৰিবলগীয়া হ’ল। ২০১৪ৰ পাছত মোদীয়ে অসমক চম্ভালা আৰম্ভ কৰিলে। অসম এতিয়া এক নতুন যাত্ৰাৰ বাবে সাজু হৈছে।’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘অসমত প্ৰথমটো বায়’ ৰিফাইনেৰী হ’ব। অসমে উন্নয়নৰ এক নতুন যুগত প্ৰৱেশ কৰিব।’ প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় কেবিনেটক শলাগ লয় মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘পঢ়ি থকা সময়ত অসমত এনে বিনিয়োগৰ সপোন দেখা নাছিলোঁ। নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক বিনিয়োগ হৈছে। এডভাণ্টেজ আছাম 2.O সফল কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ৪০ লাখ আত্মসহায়ক গোটক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আত্মসহায়ক গোটসমূহে আমূলৰ কাহিনীও পিছ পেলাই দিব। গুৱাহাটী, ডিব্ৰুগড়ক দেশৰ কনচাৰ্ট কেপিটেল কৰাৰ লক্ষ্য আছে আমাৰ। কেঞ্চাৰৰ প্ৰটন বীম থেৰাপী অসমত আৰম্ভ হ’ব।’

আনহাতে এডভাণ্টেজ আছাম ২.০ ৰ সফল সামৰণিৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়ায়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,’ আশা কৰোঁ, ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকে কথাখিনি অনুধাৱন কৰি ঔদ্যোগিক পৰিৱেশ নিৰ্মাণেৰে উদ্ভাসিত অসমৰ এই নতুন যাত্ৰাত সহযোগিতা আগবঢ়াব’৷

লগতে পঢ়ক :WATCH | Heated situation: লুইতপৰীয়া মহাবিদ্যালয়ত ছাত্ৰৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা