Local, Vocal, Global

Maha Shivratri: মহা শিৱৰাত্ৰী;ৰাজ্যজুৰি দেবৰো দেৱ মহাদেৱক আৰাধনা

নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : মহা শিৱৰাত্ৰী। মহা শিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়।

অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণেৰে দেৱাৱিদেৱ মহাদেৱক আৰাধনা-অৰ্চনা-বন্দনা কৰিছে সকলোৱে(Maha Shivratri)।

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, দেৱালয়ত শিৱৰাত্ৰীৰ ব্যাপক আয়োজন কৰা হৈছে মহা শিৱৰাত্ৰী উপলক্ষে । ৰাজ্যজুৰি দেবৰো দেৱ মহাদেৱক আৰাধনা কৰা হৈছে। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/ চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে। বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰী আয়োজন কৰা হয়।

বিশ্বাস অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়। এই উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়।

কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।

মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধবংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক যেনে লিংগত উছৰ্গা কৰি কোনো পাপ থাকিলে সেয়া খণ্ডাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি।

এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক, খাজোৰাহো, পাট্টাডকল, সূৰ্য মন্দিৰ, মধেৰা, মধেৰা আৰু থিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়। নাট্য শাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি, বা “নৃত্যৰ জৰিয়তে উপাসনা” বোলা হয়। একেদৰে খাজোৰাহো শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰিত মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা ১৮৬৪ চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছে।

লগতে পঢ়ক :Maha Kumbhmela 2025: অন্ত পৰিল প্ৰয়াগৰাজৰ মহা কুম্ভমেলা