Local, Vocal, Global

WATCH | Maha Shivratri : খুমটাইৰ খনিকৰ গাঁও বাউৰীটিকা শ্ৰী শ্ৰী মহাকাল ভৈৰৱ মন্দিৰত উলহ মালহেৰে শিৱৰাত্ৰী উদযাপন

গোলাঘাট,২৬ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰী। ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ । অসমৰ বিভিন্ন প্ৰান্তত আজি মহা ধুমধামেৰে শিৱৰাত্ৰি পূজা উদযাপিত হৈছে ।

খুমটাইৰ মিছামৰা খনিকৰ গাঁৱৰ ভিতৰুৱা বাউৰীটিকা অঞ্চলৰ মহাকাল মহাভৈৰৱ মন্দিৰতো এইবাৰ উলহ মালহেৰে মহা শিৱৰাত্ৰী উদযাপন কৰা হৈছে । এজোপা দুশ বছৰ পুৰণি বটবৃক্ষৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰ মাজত অৱস্থিত পুৱাৰ পৰাই বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম ঘটিছে মন্দিৰ ভাগলৈ শ শ ভক্তৰ সমাগম ঘটিছে(Maha Shivratri)।

মন্দিৰ প্ৰাংগনত মেলাও অনুষ্ঠিত হৈছে । সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজত মহাকাল ভৈৰৱ মন্দিৰত আয়োজিত শিৱৰাত্ৰিৰ পূজাত ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰ্তিৰ বাবে পূজা আগবঢ়াইছে । আয়োজক সমিতিয়েও ৰাইজৰ সুবিধাৰ্থে সকলো ধৰণৰ সেৱা আগবঢ়াইছে ।

লগতে পঢ়ক :WATCH | New SOP for dumper and truck : ডাম্পাৰ আৰু ট্রাকৰ চলাচলত আহি গ’ল নতুন SOP