WATCH | Maha Shivratri : সাংসদ গৌৰৱ গগৈৰ শিৱ দৌলত পূজা অৰ্চনা
শিৱসাগৰ,২৬ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰি। ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ।
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো মহা শিৱৰাত্রী উৎসৱ ব্যাপক উৎসাহ উদীপনাৰে আৰু ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। দেবাদি দেৱ মহাদেৱৰ পূজা অৰ্চনাৰ এই পবিত্ৰ উৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তই শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱ দৌলত আজি পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি পূজা-অৰ্চনা কৰা দেখা যায়(Maha Shivratri)।
শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত কালিৰে পৰা চাৰিদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও শিৱ দৌলত পূজা অৰ্চনা কৰে।
স্থানীয় প্রশাসনে উৎসৱৰ সময়ত সুচলতা আৰু নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰিছে আৰু এই উৎসৱক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। কাৰ্যসূচীৰ অংশ ৰূপে উৎসৱৰ দিন কেইটাত ভালেমান ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, মহা শিৱৰাত্রী হিন্দু ধৰ্মাৱলম্বীসকলৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। এই বিশেষ দিনটোত ভক্তসকলে উপবাস থাকি শিৱৰ পূজা-অৰ্চনা কৰে আৰু নিজৰ লগতে দেশৰ আৰু দহৰ শান্তি, সমৃদ্ধি আৰু মঙ্গল কামনা কৰে।
বিগত বছৰ বোৰৰ দৰেই এইবাৰো এই উৎসৱৰ সৈতে এখন বৃহৎ মেলাৰ আয়োজন কৰা হৈছে।এই মেলাত স্থানীয় তথা বহি:ৰাজ্যৰ পৰা অহা ৫ শতাধিকৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।অহা ২৮ ফেব্ৰুৱাৰীত এই উৎসৱৰ সামৰণি পৰিব।এই উৎসৱ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে ২৭ ফেব্ৰুৱাৰীত স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে।