Local, Vocal, Global

WATCH | Maha Shivratri: উত্তৰ গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিৱ পূজা

উত্তৰ গুৱাহাটী, ২৬ফেব্ৰুৱাৰী : এখন ব্যতিক্ৰমী শিৱ পূজা।

শিৱৰাত্ৰী আহিলেই চৰ্চা লাভ কৰে উত্তৰ গুৱাহাটীৰ এখন বিশেষ থানে(Maha Shivratri)।

কিয়নো থানখনত কোনোবাই যদি কৰিছে “পূজা” আন কোনোৱে কৰিছে “দোৱা” ।

মুঠতে পৰম আৰাধ্য বাবাক সুপ্ৰসন্ন কৰাৰ উদ্দেশ্যে কোনো ভক্তই যদি আগবঢ়াইছে “নৈবেদ্য” আন কোনোৱে আকৌ আগবঢ়াইছে এপুৰীয়া “ভাং” ।

নাম হৈছে যাৰ “ভাঙুৰি বাবাৰ থান” ।

উত্তৰ গুৱাহাটীৰ ৰংমহলত অৱস্থিত “ভাঙুৰি বাবাৰ থান” হিন্দু- মুছলিম সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন ।

প্ৰায় ৫০০ বছৰৰো অধিক পুৰণি এই থানখন তদাৰকৰ কৰি আহিছে এজন মুছলিম সম্প্ৰদায়ৰ লোকে । নাম তেঁওৰ “মতিবৰ ৰহমান” । ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এচলা শিলত এতিয়াও চলি আহিছে পূজা অৰ্চনা ।

৯০ উৰ্দ্ধৰ ব্যক্তিজনে কেতিয়াও ত্ৰুটি কৰা নাই থানখন পৰিচালনাত তথা সময়মতে পূজা অনুস্থিত কৰাত ।

হিন্দু-মুছলমান উভয়ধৰ্মালম্বী লোকসকলৰ সহযোগত প্ৰতি বছৰে তেওঁ উদযাপন কৰি আহিছে মহা শিৱৰাত্ৰী ।

মহা শিৱৰাত্ৰীৰ পূজাভাগ আয়োজনৰ বাবে মতিবৰ ৰহমানে নিজেই উদ্যোগ লোৱাৰ লগতে পৰম শিৱক “মামা” সম্বোধনেৰে কৰি আহিছে আৰধনা ।

মতিবৰ ৰহমানৰ ঘৰৰ পিছফালৰ নিৰ্জন ঠাইত অৱস্থিত “ভাঙুৰি বাবা”ৰ থানৰ অপাৰ মহিমাৰ বাবেই এতিয়া সমাগম ঘটিছে দেশৰ ভিন্ন প্ৰান্তৰ মহাদেৱ ভক্তৰ ।

উত্তৰ গুৱাহাটী ৰংমহলৰ এই “ভাঙুৰি বাবা”ৰ থান হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধ এক উৎকৃষ্ট নিদৰ্শন।

লগতে পঢ়ক :WATCH | Maha Shivratri: মহা শিৱৰাত্ৰি উপলক্ষে চতিয়াৰ ঐতিহাসিক নাগশংকৰৰ দেৱালয়ত শিৱ ভক্তৰ ভিৰ