Local, Vocal, Global

WATCH | Sivasagar News: শিৱসাগৰত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা আৰম্ভ

শিৱসাগৰ,২৬ ফেব্ৰুৱাৰী : আজিৰে পৰা শিৱসাগৰত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা আৰম্ভ।

উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

চাৰিদিনীয়া কাৰ্য্যসূচীৰে মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ উদ্বোধন কৰে বিধায়ক অখিল গগৈই(Sivasagar News)।

সন্মানীয় অতিথি হিচাপে শিৱৰাত্ৰিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন সাংসদ গৌৰৱ গগৈৰ।

ইয়াৰোপৰি শিৱসাগৰ জিলাৰ আয়ুক্ত তথা দৌল উন্নয়ন পৰিষদৰ সভাপতি আয়ুস গৰ্গকে প্ৰমুখ্যে কৰি শিৱসাগৰ জিলাৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মহা শিৱৰাত্ৰি মেলাৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়।

উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা শিৱৰাত্ৰি মেলা আৰু পূজা ২৮ ফেব্ৰুৱাৰী তাৰিখে অন্ত পৰিব।

গৌৰৱ গগৈই এডভাণ্টেজ আছাম 2.0 সন্দৰ্ভটো চৰকাৰক সমালোচনা।চৰকাৰলৈ বিভিন্ন প্ৰশ্ন সাংসদগৰাকীৰ।

লগতে পঢ়ক :WATCH | ADVANTAGE ASSAM 2.0: কোটি কোটি টকা খৰচ কৰি অসম চৰাকাৰে আয়োজন কৰা এডভাণ্টেজ আছামত ২.০ জড়িয়তে ৰাজ্যবাসীৰ কি লাভালাভ হ’ল