Local, Vocal, Global

Watch | Cattle rearing workshop: পৰ্বতঝোৰাত গো-পালকৰ তিনি দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটী: আজি বিটিআৰ কোকৰাঝাৰ জিলা পশু পালন চিকিৎসা বিভাগৰ সৌজন্যত তিনি দিনীয়া কাৰ্যসূচীৰে অৰ্ধ শতাধিক কৃষক সকলক লৈ প্ৰথম বাৰৰ বাবে বগৰীবাৰী কৃষি জ্ঞান কেন্দ্ৰ প্ৰেক্ষাগৃহত গো-পালক সকলক লৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত Dairy Farming Under BTC SOPD ২০২৪-২৫ বৰ্ষৰ কোকৰাঝাৰ জিলা পশু পালন বিভাগৰ জিলা বিষয়া ডা: তুফান বসুমতাৰী,পৰ্বতঝোৰা মহকুমা পশু চিকিৎসা বিষয়ানী ডা ভানুৰাণী কচাৰী, তিনি দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সমল ব্যক্তি ডা:ধুৰ্ব দাস,ডা:প্ৰকাশ ব্ৰহ্ম,ডা:ৰফিকুল ইছলামে উপস্থিত থাকি প্ৰশিক্ষণ কাৰ্যসূচী চলাই যাব বুলি জিলা পশু চিকিৎসা বিষয়া গৰাকীয়ে আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়ে।